আপোনাৰ উত্তৰ লিখক
:
এটা নতুন পৰিবেশ –বহু সুযোগ সম্ভাবনা
উচ্চ শিক্ষাক আপাততঃ এক অচিনাকী নতুন জগতৰ দৰে বোধ হয় আৰু ই যেন এক অভাবনীয় প্রত্যাহ্বান । আমি আপোনালোকক আমন্ত্রণ জনাইছোঁ—কেনেকৈ ইয়াৰ (উচ্চশিক্ষা) পৰা আটাইতকৈ বেছি আদায় কৰি ল’ব পাৰো তাক চিন্তা কৰাৰ কাৰণে অকণমান সময় খৰচ কৰক। এই অনুশীলনটো মাধ্যমিক শিক্ষা সাং কৰি নতুন অধ্যয়নৰ অনুসন্ধান কৰা সকলৰ কথা মনত ৰাখি সাজি উলিওৱা হৈছে। স্কুল পর্যায়তে যদি এই সন্দর্ভত সিদ্ধান্ত লোৱা হয় , তেনেহ’লে প্রথম বার্ষিক প্রাৰম্ভিকাতেই ( Orientation) ইয়াৰ কিছু উত্তৰ পোৱা যাব। এই অনুশীলনটো ব্যৱহাৰ কৰি মনত এটা ‘বৃহৎ চিত্র’ কল্পনা কৰি তাৰ জড়িয়তে হাতে-কামে আৰম্ভ কৰক। সাজু? আমি কেইটামান মৌলিক প্রশ্নেৰে আৰম্ভ কৰো আহক ।
খণ্ড ১ঃ ব্যক্তিগত লক্ষ্যসমূহ
এই অংশত আপোনাৰ ব্যক্তিগত শৈক্ষিক লক্ষ্যসমূহ বিবেচনা কৰক । SMART এই সংক্ষিপ্তকৃত শব্দটো অনুসৰণ কৰক—Specific ( নির্দিষ্ট), Measurable (জুখিব পৰা), Attainable ( উপনীত হ’ব পৰা), Rewarding ( পৰিতৃপ্তি দায়ক), Timely ( সময় সাপেক্ষ) । আপোনাৰ লক্ষ্য কি? আপোনাৰ কাৰণে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো বাচি লওক । \SMART\ হ’বলৈ নাপাহৰিব কিন্তু--
- বেছি উপার্জন
- বেছি মনোগ্রাহী কেৰিয়াৰ পছন্দ সমূহ
- মুক্ত কলাৰ শিক্ষা
- জগতখনর বিষয়ে অধিক জ্ঞান আহৰণ কৰা
- অধিক সমালোচনাত্মক চিন্তাৰ সামর্থ্য অর্জন
- আত্ম-বিশ্বাস আৰু আন্তঃব্যক্তিক কৌশলসমূহৰ উন্নতি
- পাঠ্যক্রম বহির্ভূত কার্যসমূহ/ খেল-ধেমালি
- উচ্চতৰ ডিগ্রীৰ দিশত উন্নতি
খণ্ড ২ ঃ
শিকন সম্পর্কে আপোনাৰ অভিজ্ঞতা আৰু প্রস্তুতি ।
আপোনাৰ কৃতকার্যতাৰ কাৰনে কেইটামান কাৰক সাজি উলিয়াও
আহকঃ
১) আপুনি নিজকে কলেজৰ কাৰণে সাজু কৰিবলৈ কোন তিনিটা কাম সমাপন কৰিলে ?
২) আপুনি আতাইতকৈ বেছি উপভোগ কৰা অধ্যয়ন ক্ষেত্রখন কোনখন ?
৩) সেই ক্ষেত্রখন অধ্যয়ন কৰোতে, কিহে ইয়াক অন্য অধ্যয়ন বিষয়ৰ পৰা আঁতৰাই আপোনাৰ অধ্যয়ন কর্মটোক নিৰানন্দময়
কর্তব্য হোৱাৰ পৰা বিৰত কৰিছে?
৪) এনে এটা সফল ৰণনীতি আন আন ক্ষেত্রত কেনেকৈ প্রয়োগ কৰিব পাৰি ?
খন্ড ৩ ঃ
কৃতকার্যতাৰ চর্ত সমূহ।
আপুনি উচ্চ শিক্ষাত কৃতকার্য হ’বলৈ পৰিস্থিতি অনুকূল নে?
১) আপুনি কোন তিনিটা ক্ষেত্রত আটাইতকৈ বেছি প্রত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব পাৰে ?
২) কোনটো পৰিস্থিতিয়ে আপোনাৰ শিক্ষা সম্পন্ন কৰিবলৈ যি আত্মোৎসর্গৰ আবশ্যক হ’ব তাক বিঘ্নিত কৰিব পাৰে?
খন্ড ৪
কৃতকার্যতাৰ সহায়ক সঁজুলি সমূহ
এই অংশত আপুনি বিবেচনা কৰক—কৃতকার্যতাৰ কাৰণে কিহে আপোনাক সহায় কৰিব পাৰিব।
১) স্কুল নাইবা কলেজত তিনিটা উৎস বা তিনিজন ব্যক্তি চিনাক্ত কৰক যিসকলে আপোনাক সহায় কৰিব পাৰিব।
২) স্কুল নাইবা কলেজৰ বাহিৰত তিনিটা উৎস বা তিনিজন ব্যক্তি চিনাক্ত কৰক যিসকলে আপোনাক সহায় কৰিব
পাৰিব।
৩) যদি আপনাৰ কাৰণে কামবোৰ অতি কঠিন হৈ পৰে তেনেস্থলত, আবশ্যক হ’লে , আপোনাৰ কাৰণে কোণটো
বিকল্প পচন্দ থাকিব?
Part 5:
আপোনাৰ পৰিকল্পনা
তলৰ প্রতিটো বিষয় /সূচীৰ কাৰণে একোটা সাৰাংশ বক্তব্য নাইবা একোটা বাক্য সংলগ্ন কৰক ।
এই সম্পর্কে পাছত আৰু বিস্তৃত কোৱা হ’ব।
১) আপোনাৰ অভিজ্ঞতাৰ পৰা তিনিটা ‘পদক্ষেপ’ তালিকাভূক্ত কৰক যিকেইটা আপোনাৰ স্কুলৰ নাইবা কলেজৰ
কৃতকার্যতাত আপোনাক সহায় কৰিব বুলি আপুনি ভাবে।
২) কোনটো প্রথম বা আতাইতকৈ গুরুত্বপূর্ণ ?
৩) কোনটো অধ্যয়নৰ কাৰণে সময় নিৰূপণৰ বাবে কোনটো ৰণনীতি আপুনি
ব্যৱহাৰ কৰিব পাৰে?
৪) অন্য কোনটো নিয়ন্ত্রণ নাইবা আত্ম-নিয়মানুবর্ত্তীতাৰ অনুশীলন আপোনাৰ বাবে ব্যৱহাৰ কৰিব ?
৫) মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ/ মুখামুখি হ’বলৈ আপুনি এটা ৰণনীতিৰ নাম কওক ।
৬) এই পদ্ধতিৰে কৃতকার্য্য হোৱাৰ বাবে আপুনি সংৰক্ষিত কৰিব পৰা এটা পুৰষ্কাৰ কি হ’ব পাৰে?
এই লক্ষ্যসমূহ সম্পর্কেএক নির্দিষ্ট ব্যক্তিগত মন্তব্য যোগ কৰক
Translation by Rana Kumar Changmai, Editor-in-Chief, Pragayan, Tinsukia College :
ৱেব চাইট সম্পর্কে
দুআষাৰঃ
জো
লেণ্ডচবার্জাৰে ১৯৯৬ চনৰ পৰা এই ‘স্টাডি গাইডস্ এণ্ড স্টেটেজি’ ৱেব চাইটখন তৈয়াৰ
কৰিছে । ইয়াৰ ওপৰত
গৱেষণা কৰিছে আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰিআছে । শিকাৰুসকলৰ সহায় কৰাৰ বাবে যিকোনো
আবাণিজ্যিক উদ্যোগ যদি এই ৱেবচাইটৰ বিষয়বস্তু গ্রহণ, বিতৰণ, পূণর্মূদ্রণ ইত্যাদি
কৰিব বিচাৰে তাৰ বাবে অনুমতি দিয়া
গল । কেৱল এই কথাত সতর্ক থাকিব লাগে যে এই
ৱেবচাইটৰ বিষয়বস্তুৰ নিয়মীয়া আৰু নৱীকৰণ ক’ৰা হৈ থাকে । এই বিষয়ে আমি আমাৰ চাইট দর্শক সকলকো স্বাগত
জনাও ।
সেয়েহে যদি কোনো অংশ ইন্টাৰনেটতে পুনৰুপস্থাপনৰ দৰকাৰ হয়, সেই ক্ষেত্রত আমাৰ লগত
লাইছেন্স চুক্তি পত্র কৰি লোৱা ভাল । আপোনাৰ চাইটতে আমাৰ সংযোগ উপস্থাপনৰ বাবে কোনো
অনুমতি নে লাগে ।