অধ্যয়ন নির্দেশিকা আৰু ৰণ কৌশল

চিন্তন আৰু স্মৰণ সম্পর্কীয় ধাৰাবাহিক

প্রতিভাসম্পন্ন ব্যক্তিৰ দৰে মননশীল হোৱা

সমস্যাৰ সমাধানঃ সৃজনীমূলক  সমাধানবোৰ

“তুমি যদি প্রতিভাশালী নোহোৱাও, তথাপি তোমাৰ সৃষ্টিশীল মানসিক শক্তিৰ উত্তৰণৰ বাবে আৰু তোমাৰ ভৱিষ্যতক ভালকৈ চম্ভালি চলাবৰ বাবে বিখ্যাত মনীষী  এৰিষ্টটল আৰু আইনস্টাইনৰ দৰে  কৌশল ব্যৱহাৰ  কৰিব পাৰা”  

তলত উল্লেখ কৰা কৌশলবোৰে পুনৰুৎপাদনৰ পৰিৱর্তে সমস্যা সমাধানক ফলপ্রসূ কৰাৰ ক্ষেত্রত তোমাৰ চিন্তা চর্চাক উৎসাহ উদ্দীপনা যোগাব। “ইতিহাসেও কয়, বিজ্ঞান, কলা আৰু শিল্প উদ্যোগ আদিত সৃজনশীল প্রতিভাধৰ ব্যক্তিসকলৰ ভবা-চিন্তাৰ কৌশলবোৰ সাধাৰণতে এইবোৰেই।”

সমস্যাবোৰৰ সৃজনমূলক  সমাধানৰ  ন’টা উপায়ঃ

১) পুনর্চিন্তন! আকৌ  ভাবা! সমস্যাবোৰ বিভিন্নফালৰ পৰা চিন্তা কৰি চোৱা।

২) দৃশ্যায়ন! কেৱল মনতে ভাবি নাথাকি চকুৰ আগলৈ আনি চোৱা। নক্সা আৰু চিত্রকল্পৰ সহায়ত তোমাৰ দোধোৰমোধোৰ অৱস্থাটো ব্যাখ্যা কৰা।

৩) উপস্থাপন! কৰি দেখুওৱা। প্রতিভাধৰ ব্যক্তি উৎপাদনমুখী হয়।

৪) সংযোজন! অভিনৱ ধৰণে চিন্তা আৰু কামৰ  সংযোগ সাধন কৰা।

৫)গঢ়া! সম্বন্ধ বা সম্পর্ক গঢ়ি তোলা।

৬) বৈপরীত্য! বিপৰীত ধৰণেও ভাবিবা।

৭) ৰূপক, উপমা! ৰূপক, উপমা আদিৰ সহায়ত তুলনাত্মক ভাৱে ব্যৱহাৰ কৰাৰ এক উদাহৰণ।

৮)বিফলতা! তুমি কৰা ভুলবোৰৰ পৰা লোৱা শিকনিয়েই হ’ব বিফলতাক সদর্থক ভাবে ব্যৱহাৰ কৰাৰ এক উদাহৰণ।

৯) ধৈর্য!  অনুপ্রেৰণাক ভাব বা  ধাৰণাবোৰৰ লগত খেলিমেলি কৰি বিবুদ্ধি নহ’বা।

সমস্যাবোৰৰ সৃজনমূলক 
সমাধানৰ ন’টা উপায়ঃ

পুনর্চিন্তন!
আকৌ ভাবা! সমস্যাবোৰ বিভিন্নফালৰ পৰা চিন্তা কৰি চোৱা। আনে নভবা, নেচোৱা , নতুন ধৰণেৰে চাবলৈ চেষ্টা কৰা । এটা উদাহৰণ লোৱা। ধৰা, এটা চাকৰি বিচাৰিছা বা অন্তর্বিভাগত কাম কৰিবলৈ বিচাৰিছা।

ক) তোমাৰ বন্ধুবর্গ বা সহকর্মীক তেনে সম্ভাৱনাৰ খবৰ থাকিলে জনাবলৈ কোৱা।

খ) নিজে চেষ্টা কৰা। তোমার কামৰ নমুনা বা তোমাৰ উপযুক্ততা প্রদর্শন কৰিব পৰা প্রমাণপত্র আদি এনে কাৰোবালৈ পঠোৱা যাৰ পৰা সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। স্থানীয়ভাবে নিয়োগ বিনিময় কেন্দ্র বা শিক্ষানুষ্ঠানত থকা সংস্থাপন কোষ আদিৰ সহায় লোৱা।

গ) তোমাৰ কথাৰে প্রভাৱান্বিত কৰিব পৰা লোকৰ সংখ্যা বৃদ্ধি কৰা। আন কোনবোৰ বিশেষ ক্ষেত্রলৈ যাব পৰাৰ দক্ষতা তোমাৰ আছে সেইটোও ভাবিবা।

লিঅ’নার্ড ডা ভিন্সিয়ে বিশ্বাস কৰিছিল যে, সমস্যা একোটাৰ স্বৰূপ বা প্রকৃতিৰ বিষয়ে জানিবলৈ হ’লে কেনেকৈ বিভিন্ন ধৰণে সমস্যাটো পুনর্গঠন কৰি চাব পৰা যায়—তাৰ পৰা আৰম্ভ কৰিব লাগিব। তেওঁ অনুভব কৰিছিল যে প্রথমবাৰত তেওঁ সমস্যা এটা চাঁওতে অধিক পক্ষপাতমূলক হয় আৰু পাছলৈ, প্রায়ে সমস্যাটোৱে নিজেই মোৰ সলাই পুনর্গঠন হয় আৰু এটা নতুন ৰূপ লয়।

দৃশ্যায়ন!
নক্সা আৰু চিত্রকল্পৰ সহায়ত তোমাৰ দোধোৰমোধোৰ অৱস্থাটো ব্যাখ্যা কৰা।

ক) তোমাৰ অধ্যয়নত ছবি, গ্রাফ, আকৃতি ইত্যাদিক কেনেদৰে ব্যৱহাৰ কৰিব পাৰা?

খ) মনত উদ্ভৱ হোৱা ধাৰণা,মনৰ-মানচিত্র (concept or mind maps), শব্দমালাৰ চিত্রায়ণ (picturing vocabulary,), ফ্লেশ্বকার্ড (flashcards) আদিৰ বিষয়ে থকা নির্দেশনা বা পৰামর্শবোৰ চোৱা।

গ) এটা উদাহৰণ লিখি তাৰ লগত চিত্রকল্প ব্যৱহাৰ কৰি চোৱা আৰু ছপা ৰূপত তোমাৰ পঢ়া ঠাইত লগাই ৰখা।

আইনষ্টাইনে যেতিয়া কোনো এটা সমস্যাৰ বিষয়ে ভবা চিন্তা কৰিছিল, তেতিয়া তেওঁ সদায় নক্সা ছবি আদিকে ধৰি সম্ভবপৰ উপায় সমূহ ব্যৱহাৰ কৰি বিষয়টোক সূত্রবদ্ধ কৰিছিল যে, এনেয়ে শব্দ আৰু সংখ্যাবোৰে তেওঁৰ চিন্তন প্রক্রিয়াত বিশেষ প্রভাৱশালী ভূমিকা ল’ব নোৱাৰে, সেয়ে তেওঁ সমাধানবোৰৰ দৃশ্যায়ন কৰিছিল।

উপস্থাপন!
কৰি দেখুওৱা। প্রতিভাধৰ ব্যক্তি উৎপাদনমুখী হয়।

ক) মৌলিকতা মূল চাবি- কাঠী নহ’বও পাৰে, কিন্তু একেৰাহে কৰি থকা চিন্তা আৰু সঁজুলিবোৰৰ প্রয়োগেহে সমাধান একোটাত উপনীত কৰাব পাৰে ।

খ) মৰণশীল মানৱ সামজত প্রতিভাধৰসকলেই সৌভাগ্যৱান, কাৰণ তেওঁলোকে যিটো কৰা বাঞ্ছনীয় সেইটোৰ লগত তেওঁলোক সাধাৰণতে কৰিবলৈ বিচৰাটোৰ অৱশ্যেই মিল থাকে। ডাবলিউ এইচ ও’ডেন ( ১৯০৭-১৯৭৩)এংল’-আমেৰিকান কবি

গ) প্রতিভা আচলতে ধর্যৰ এক প্রধান সাঠন—জর্জ লুইচ বাফুন ( ১৭০৭-১৭৮৮) ফৰাছী প্রকৃতিবিদ।

থমাছ আলভা এডিচনৰ দখলত ১,০৯৩টা কৃতিস্বত্ব আছিল। উৎপাদনশীলতাক তেওঁ বিভিন্ন ধৰণেৰে  নিশ্চিত কৰিছিল। তাৰ বাবে ধ্যান—ধাৰণাক তেওঁ নিজৰ আৰু সহযোগীসকলৰ মাজত নির্দিষ্ট অংশ বিশেষত ভাগ কৰি লৈছিল। অর্থাৎ কোনো এটা বিষয় বা সমস্যাৰ বিশ্লেষণৰ বাবে কোনে কোন অংশৰ বিষয়ে ভবা-চিন্তা কৰিব  সেইটো ভাগ কৰা থাকে। কেলিফর্ণিয়া বিশ্ববিদ্যালয়ৰ ডীন কেইথ চিনমন্টনে ইতিহাসৰ ২,০৩৬ জন বিজ্ঞানীৰ বিষয়ে ডেভিচত কৰা অধ্যয়ন এটাত প্রকাশ যে , সম্মানীয় সৰহ সংখ্যক বিজ্ঞানীয়ে কেৱল যে মহৎ কামেই কৰিছে এনে নহয়, ভালে সংখ্যক বেয়াও কৰিছে। সাফল্যৰ উচ্চ-স্তৰত আৰোহন কৰিবলৈ যাওঁতে মজলিয়া স্তৰৰ সফলতা বাহ একেবাৰে বিফল হ’লেও ভয় খোৱা নাছিল। কাৰণ তেওঁলোকে সেই পৰিস্থিতিক গুৰুত্ব সহকাৰে নলৈছিল। কৃতকার্যতাৰ গৌৰৱেৰে তেওঁলোকে অকৃতকার্যতাৰ গ্লানিক ঢাকি পেলাব পাৰিছিল।

সংযোজন!
অভিনৱ ধৰণেৰে চিন্তা আৰু কামৰ সংযোগ সাধন কৰা। ভাব-চিন্তা,ধাৰণা, ৰূপ বা আকৃতি এই সকলবোৰকে ইটো-সিটোৰ লগত ভিন ভিন ধৰণে সংযোজন কৰা। এনেকৈ সংযোগ সাধন কৰোতে সঙ্গত অসঙ্গত, খাপ-নোখোৱা আদি কথা ভাবিব নালাগে।

গ্রেগো মেন্ডেল নামৰ অষ্ট্রিয়াৰ এজন সাধু ব্যক্তিয়ে অংক বিদ্যা আৰু জীৱবিদ্যাৰ সংযোজন কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বংশগতিৰ গুণ-দোষৰ অধ্যয়ন সম্পর্কীয় এবিধ নতুন বিজ্ঞান সৃষ্টি। আধুনিক বংশগতি বিজ্ঞান (genetics)  তেওঁৰ এই আদর্শৰ ওপৰত প্রতিষ্ঠিত।

৫) গঢ়া!
সম্বন্ধ বা সম্পর্ক গঢ়ি তোলা। বিসদৃশ বস্তুৰ মাজত সম্পর্ক ঘটাবলৈ চেষ্টা কৰা।

ক) এই সম্পর্ক কেৱল বস্তুৰ মাজতহে সদায় হ’ব লাগে এনে নহয়; মানুহৰ লগতো সম্পর্ক গঢ়ি তোলা আৰু তেওঁলোকক প্রশ্ন কৰা।

খ) তোমাৰ কাম- কাজৰ ক্ষেত্রখনৰ বা তাৰ কাষৰে-পাজৰে থকা মানুহৰ লগতো চা চিনাকি হোৱা; কাৰণ এনে ধৰণৰ সম্পর্কই আনতকৈ তোমাৰ পাৰগতা বৃদ্ধি কৰাত সাহায্য কৰিব ।

গ) তুমি যোগাযোগ কৰিব পৰা এজন ব্যক্তিৰ নামৰ লগতে তেওঁনো তোমাক কিয় আৰু কেনেকৈ সহায় কৰিব পাৰে বুলি ভাবিলা সেই কথা লিখি বা ছপা কৰি ভালকৈ ৰাখি থোৱা যাতে প্রসঙ্গ ক্রমত তোমাৰ সহায় হয়।

লিঅ’নার্ড’ ডা ভিন্সিয়ে ঘণ্টাৰ শব্দ আৰু পানীলৈ শিল দলিয়াওঁতে হোৱা প্রতিক্রিয়াৰ মাজত জোৰকৈ সম্বন্ধ স্থাপন কৰি চাইছিল। যিটো সম্পর্কই তেওঁক শব্দৰ তৰঙ্গ গতিৰ বিষয়ে ধাৰনা জন্মাইছিল। ঘোঁৰাৰে ডাক অনা নিয়া কৰাৰ বাবে থকা ‘ৰিলে-ষ্টেশ্যন’ লক্ষ্য কৰি চামুয়েল ম’র্চ-এ বিজুলী ডাকৰ (telegraphic) সংকেতৰ বাবে ‘ৰিলে ষ্টশ্যন’ আৱিষ্কাৰ কৰিছিল।

৬) বৈপরীত্য!
বিপৰীত ধৰণেও ভাবিবা। ওলাই থকা সমাধানবোৰক খামুচি ধৰি নাথাকিবা। আৰামদায়ক স্থানৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চোৱা ।

ক) ‘বিপৰীত’ শব্দটোৱে যিকোনো এটা অৱস্থাক দুটা দিশৰ পৰা চাব পৰাটো বুজায়। কিন্তু দুটাৰ মাজতো মৌলিক সাদৃশ্য এটা আছে। অর্থাৎ ‘সোঁ’ আৰু ‘বাওঁ’-দুইটা শব্দ দুটা দিশৰ নির্দেশক। ইটো সিটোৰ বিপৰীত –কিন্তু কোনটো সঠিক?

খ) দূৰদর্শনৰ ‘Sesame Street Muppet’-ৰ এলম’ নামৰ চৰিত্রটোৱে শিশুসকলক বিপরীত ধাৰণা সম্পর্কে ভাল শিক্ষা দিয়ে।

পদার্থবিজ্ঞানী নেইলচ বোৰে বিশ্বাস কৰিছিল যদি তুমি বিপৰীতক একেলগে কৰিব পাৰা তেতিয়া তোমাৰ চিন্তন প্রক্রিয়া সাময়িক ভাবে স্থগিত হ’ব আৰু তোমাৰ মনটো  নতুন চিন্তাৰ স্তৰলৈ গতি কৰিব। পোহৰক একেলগতে কণা আৰু তৰঙ্গ এই দুয়ো ধৰণে   কল্পনা কৰিব পৰা ক্ষমতাই পদার্থবিজ্ঞানী গৰাকীক পৰিপূৰকতাৰ নীতি (the principle of complementarity ) সম্পর্কীয় ধাৰনাৰ ফালে লৈ যায়। গতিশীল চিন্তা প্রক্রিয়াৰ সাময়িক স্থগিত কৰণে তোমাৰ মনটো নতুন ৰূপৰ সৃষ্টিৰ বাবে উৎসাহী কৰিব।

৭) ৰূপক, উপমা!
ৰূপক, উপমা আদিৰ সহায়ত তুলনাত্মক ভাৱে ব্যৱহাৰ কৰাৰ এক উদাহৰণ।
ৰূপক হইছে সাধাৰণতে মিল নথকা দুটা

ক) বস্তুৰ মাজত তুলনাত্মক সংযোগ সাধন, যিটো কল্পনা কৰাটো বৰ সহজ নহয়।
যেনেঃ দুখ সাগৰ, অশ্রুবন্যা, শোকাগ্নি, চেনেহ কুসুম ইত্যাদি ।

খ) ‘উপমা’ও এবিধ তুলনাধর্মী সংযোগ। দুটা ভিন্ন বিষয় বা বস্তুর মাজত সম্পর্ক বুজাবলৈ নিচিনা, দৰে, যেনে , যেনেকৈ-তেনেকৈ আদি অব্যয় শব্দ ব্যৱহাৰ কৰা হয়। যেনে –

গ) “মোৰ এই হিয়াখনি জেয়ুকা পাতৰ দৰে
সেউজীয়া বননিৰ বৰণেৰে ঢকা।”
নাইবা, “ঘৰতো নবহে মন সমনীয়া
পথাৰতো নবহে মন।
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।”

এৰিষ্টটলে এই ৰূপককে প্রতিভাৰ চিহ্ন বুলি মানিছিল। তেওঁ বিশ্বাস কৰিছিল যে পৰস্পৰ মিল নথকা ভিন্ন ক্ষেত্রৰ দুটা স্বতন্ত্র বিষয়ৰ মাজত সাদৃশ্য বিচাৰ কৰি দুয়োটাৰে সংযোগ সাধন কৰিব পৰাৰ ক্ষমতা যি ব্যক্তিৰ থাকে, তেওঁ প্রকৃততেই অসাধাৰণ প্রতিভাৰ গৰাকী ।

৮)বিফলতা!
তুমি কৰা ভুলবোৰৰ পৰা লোৱা শিকনিয়েই হ’ব বিফলতাক সদর্থক ভাবে ব্যৱহাৰ কৰাৰ এক উদাহৰণ।

ক) আচৰিত যেন লাগিলেও মানুহৰ মগজুটো বিফলতাৰ যন্ত্রঃ  ই বাস্তৱ আদর্শৰ ৰূপবোৰ তৈয়াৰ কৰে, সেইবোৰৰ ওপৰত ক্রিয়াকলাপ চলাই ঠিক-ঠাক কৰে, নতুবা বিফলতা বা ব্যর্থতাৰ ভেটিত সফল ভাবে নতুন আদর্শৰ সৃষ্টি কৰে।

খ) ডানিয়েল কোয়েলৰ দি টেলেন্ট কোড সম্পর্কে আডাম ব্রায়াণ্টে লোৱা সাপ্তাহিক সাপ্তাহিক সাক্ষাৎকাৰত কৈছে, “ প্রত্যেকজন চি ই ও-ৰ (CEO)  একে ধৰণৰ জ্ঞান বা বিচাৰ-বিবেচনা, বোধ শকতি থাকে। ভুলবোৰে শিক্ষা লাভৰ ক্ষেত্রত এনে এটা তীব্রবেগী অসাধাৰণ অৱস্থাৰ সৃষ্টি কৰে যে তাৰ লগত তুলনামূলক ভাবে স্থিৰ আৰু ‘সফল’ পৰিস্থিতিবোৰে ফেৰ মাৰিব নোৱাৰে।”

যেতিয়া আমি কিবা এটা কাম কৰিবলৈ বিফল হওঁ, তেতিয়া আমি সেইটো তেনে অৱস্থাত এৰি থৈ আন এটাত লাগো। সেইটোৱেই হ’ল ‘সৃষ্টিশীল দুর্ঘটনা’ৰ ( creative accident)  প্রথম নীতি। বিফলতাক আমি উৎপাদনশীল পর্যায়লৈ লৈ যাব পাৰো বুলি নাভাবো। তাৰ সলনি সমগ্র প্রক্রিয়াটোক , ইয়াৰ উপকৰণ বিলাক বিচাৰ –বিশ্লেষণ কৰি কেনেকৈ সিদ্ধান্তত উপনীত হ’ব পৰা অৱস্থালৈ পৰিৱর্তন কৰিব পৰা যায়, তাৰ হে চেষ্টা কৰিব লাগে। ‘মই কিয় বিফল হ’লো’—এনেকৈ ভবাতকৈ ‘মই নো কি কৰিলো’ সেইটোৱে ভাবিব লাগে।

৯) ধৈর্য!
অনুপ্রেৰণাক ভাব বা ধাৰণাবোৰৰ লগত খেলিমেলি কৰি বিবুদ্ধি নহ’বা।
তোমাৰ ভাব-চিন্তাবোৰ ধৈর্যেৰে প্রয়োগ কৰা যাতে প্রাপ্য মর্যাদাৰে পুৰস্কৃত হ’ব পাৰা।

প’ল চিজান ( ১৮৩৯-১৯০৬) উনিশ শতিকাৰ এজন মহান চিত্রশিল্পীৰূপে স্বীকৃত। তেওঁক আধুনিক চিত্রকলাৰ পিতৃপুৰুষ বুলিও কোৱা হয়। ‘ইম্প্রেশ্যনিষ্ট’ আৰু ‘কিউবিষ্ট’ সকলৰ মাজত তেওঁ যেন এখন সেতু । চিত্রকলাত আকাৰ আৰু গঢ় বা ৰূপৰ ক্ষেত্রত নতুনত্বৰ সূচনা কৰোঁতা হিচাপে যদিও তেওঁ পৰৱর্তী শিল্পী সকলৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিছিল তথাপি তেওঁ তেওঁৰ জীৱনৰ শেষ পর্যায়লৈকে তেওঁৰ প্রতিভা প্রমাণিত হোৱা নাছিল। ২২ বছৰ বয়সত তেওঁ Ecole des Beaux-Arts নামৰ বিখ্যাত অনুষ্ঠানটোত ছাত্র হিচাপে নাম ভর্তি কৰিবলৈ অনুমতি পোৱা নাছিল। তেওঁৰ একক প্রদর্শনীখন অনুষ্ঠিত হইছিল ৫৬ বছৰ বয়সত। ধর্যের সৈতে বহু বছৰ জুৰি কৰা অভ্যাস আৰু সংস্কাৰাত্মক পৰীক্ষা নিৰীক্ষাৰ পৰিণাম স্বৰূপেহে তেওঁ প্রতিভা সম্পন্ন চিত্রশিল্পী ৰূপে পিছলৈ খ্যাতি লাভ কৰিছিল।

প্রজ্ঞান, তিনিচুকীয়া মহাবিদ্যালয়
To read Assamese text, please
download the Avro Keyboard
or the font SolaimanLipi