আমি শিশু অৱস্থাত অতীতৰ অঘটনবোৰ চাবলৈ আৰু সেইবোৰৰ পৰা শিকাৰ কাৰণে প্রৱল সম্ভাবনা লৈ ফুৰো। আমি সফল নোহোৱালৈকে বাৰে বাৰে চেষ্টা কৰো। পৰাজয়বোৰ শিকনৰ কৃতকার্য পদ্ধতিৰ অংশ মাথোন। শিকাৰ বাবে আমাৰ প্রচেষ্টা, উদ্যোগ আনকি অনুসন্ধিৎসা ব্যক্তিগত, নাইবা অন্তর্নিহিত । বয়স বঢ়াৰ লগে লগে, আমাৰ পৰিয়াল, স্কুল আৰু পৰিবেশ আমাৰ কাৰণে প্রত্যাশা কিছুমান গঢ়ি তোলে । প্রথম অৱস্থাৰ উদগনি ব্যক্তিগত (অন্তর্নিহিত) লক্ষ্যৰ পৰা আঁতৰি গৈ আনক সন্তুষ্ট কৰিবলৈ বা আনৰ ভয়ত বেলেগ ৰূপ (বার্হিক) লবলৈ বাধ্য হয় আৰু প্রায়ে আমাৰ শিকাৰ ইচ্ছা বাধাগ্রস্থ হয়।
আহক আমি আবিষ্কাৰৰ এটা অর্থ পুনৰ আহৰণ কৰো !
আপোনাৰ শিকনৰ বাবে নিয়ন্ত্রণ আৰু দায়িত্ব হাতত লওক, আৰু আত্মবিশ্বাস, পটুতা আৰু স্বায়ত্বতাৰে বিপদৰ মুখা-মুখি হওক। মানি লওক যে , ‘পৰাজয়’ মানেই বিজয় (!) লগতে এইটোও মনত ৰাখক যে, কামত নহা এটা কথা শিকা আৰু কামত অহা কথা শিকাৰ বাট একেটাই।
খণ্ড ১ ঃ আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন
যদি আপুনি অন্তর্নিহিতভাৱে প্রনোদিত, তেনেহলে এই ক্ষেত্রত হোৱা অধ্যয়নৰ মতে আপুনি--
- অধিক প্রচেষ্টা হাতত ল’ব
- কৃতকার্যতাৰ কাৰণে বিভিন্ন পন্থা হাতত ল’ব
- আপুনি অধিক অধ্যাবসায়ী আৰু অধিক গভীৰভাৱে শিকে
অন্তর্নিহিত প্রনোদনে আপোনাৰ ব্যকতিগত লক্ষ্য, প্রমূল্যসমূহ আৰু নিজৰ ৰাপক সামৰি লয়।
উদাহৰণ
মই (মোবাইলত) খৰকৈ বার্তা পঠাবলৈ শিকিছো যাতে বন্ধু বান্ধৱ সৈতে যোগাযোগ ৰাখিব পাৰো ।
- মই
(মোবাইলত) খৰকৈ বার্তা পঠাবলৈ শিকিছো যাতে বন্ধু
বান্ধৱ সৈতে যোগাযোগ ৰাখিব পাৰো ।
- মই আফ্রিকাত অভিযান চলাব বিচাৰো যাতে মই মোৰ পৰিয়ালৰ ইতিহাস জানিব পাৰো।
- মই এখন স্কীৰ দোকানত কাম কৰিব যাতে মই ৰেফত স্কীং কৰা ভালকৈ শিকিব পাৰো
- মই বাঢ়ৈৰ কামত পটু হ’ব বিচাৰো যাতে মোৰ ক্রীড়া কেন্দ্রটো ভালকৈ সাজিব পাৰো ।
| স্বাধীনতা
|
বৌদ্ধিক অনুসৰণ
|
খেল/
প্রতিযোগিতামূলক ক্রীড়া |
ধর্ম
|
| সৃষ্টিশীলতা
|
নতুন
বন্ধু-বান্ধৱ |
নির্দ্ধাৰিত
দিনত লগা-লগি |
অন্যান্য
|
ওপৰৰ বিষয় (কাৰণ) সমূহৰ ভিতৰত প্রিয় বিষয়টোৰ ওপৰত এটা বা দু’টা বাক্য লিখক ।
- অনুসন্ধিৎসা হ’ল কিবা এটা শিকিবলৈ আপোনাৰ আকাঙ্খা
- এটা বা দুটা শব্দত লিখকচোন —কি বিষয় বা বিষয়বস্তু সম্পর্কে আপুনি সঁচাকৈ শিকিব বিচাৰে
- এই বিষয়টোৱে আপোনাৰ এটা আৱশ্যকতা পূৰণ কৰিব। এই বিষয়ে শিকাটো আপুনি ইমান গুৰুত্বপূর্ণ বুলি কিয় ভাবে?
প্রত্যাহ্বান, অনুসন্ধিৎসা, নিয়ন্ত্রণ, কল্পনা, সহযোগিতা, প্রতিযোগিতাঃ
এইবোৰে আপোনাক নিজৰ লক্ষ্যৰ দিশত আগবঢ়াই নিব পাৰে; আপোনাক উদগনি দিব ।
এটা নির্বাচন কৰক—ই বিষয়টোৱে কিয় আপোনাক আকর্ষণ কৰিছে দুটিমান বাক্যত লিখক
খন্ড ২ঃ স্ব-প্রনোদন ঃ বার্হিক প্রনোদন
Translation by Rana Kumar Changmai, Editor-in-Chief, Pragayan, Tinsukia College :
ৱেব চাইট সম্পর্কে
দুআষাৰঃ
জো
লেণ্ডচবার্জাৰে ১৯৯৬ চনৰ পৰা এই ‘স্টাডি গাইডস্ এণ্ড স্টেটেজি’ ৱেব চাইটখন তৈয়াৰ
কৰিছে । ইয়াৰ ওপৰত
গৱেষণা কৰিছে আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰিআছে । শিকাৰুসকলৰ সহায় কৰাৰ বাবে যিকোনো
আবাণিজ্যিক উদ্যোগ যদি এই ৱেবচাইটৰ বিষয়বস্তু গ্রহণ, বিতৰণ, পূণর্মূদ্রণ ইত্যাদি
কৰিব বিচাৰে তাৰ বাবে অনুমতি দিয়া
গল । কেৱল এই কথাত সতর্ক থাকিব লাগে যে এই
ৱেবচাইটৰ বিষয়বস্তুৰ নিয়মীয়া আৰু নৱীকৰণ ক’ৰা হৈ থাকে । এই বিষয়ে আমি আমাৰ চাইট দর্শক সকলকো স্বাগত
জনাও ।
সেয়েহে যদি কোনো অংশ ইন্টাৰনেটতে পুনৰুপস্থাপনৰ দৰকাৰ হয়, সেই ক্ষেত্রত আমাৰ লগত
লাইছেন্স চুক্তি পত্র কৰি লোৱা ভাল । আপোনাৰ চাইটতে আমাৰ সংযোগ উপস্থাপনৰ বাবে কোনো
অনুমতি নে লাগে ।