অধ্যয়ন নির্দেশিকা আৰু ৰণ কৌশল

সমস্যা সমাধানৰ প্রণালী

সমস্যা সমাধান আৰু সিদ্ধান্ত গ্রহণ

প্রকল্প পৰিকল্পনা /
শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা

প্রকল্প পৰিকল্পনা / শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা

ঘৰতে হওক, কাম-কাজৰ ক্ষেত্রতে হওক , খেলা-ধূলাতে হওক নতুবা গেলামালৰ দোকানতে হওক আমি প্রায় প্রতিদিনেই কিবা নহয় কিবা একোটা সমস্যাৰ মুখামুখি হ’বল’গা হয় আৰু সেই সমস্যাৰ সমাধান কল্পে সিদ্ধান্ত ল’বলগা হয়।

তেতিয়া আবেগ-অনুভূতি, ভাবনা আৰু গৱেষণামূলক চিন্তা –চর্চাৰ প্রয়োজন আহি পৰে। এনেকুৱা অৱস্থাত সমস্যা একোটাৰ সমাধান কৰি সিদ্ধান্ত অহাত তোমালোকৰ সহায় –সুবিধা হ’ব পৰাকৈ তলৰ কথাখিনি অৱতাৰনা কৰা হৈছে।

শুভেচ্ছা থাকিল!

শিথিলতা

এই কার্যপ্রনালী দেখাত কোনোৱে স্পষ্টভাবে খলপা-খলপে আগবঢ়াৰ উপায় বুলি ভাবিব পাৰে যদিও আচলতে তেনে ভাবিব নেলাগে। এই খলপবোৰ সমস্যাৰ লগত মোকাবিলা কৰিবৰ বাবে বা সমস্যাটোৰ কার্যকাৰীতাৰ উপায়ৰ সামান্য গাঁথনিহে মাথোন।

সমস্যাবোৰ কেতিয়াবা ওপৰা-ওপৰি হ’ব পাৰে। তেতিয়া উপযুক্ত সমাধান উলিয়াবলৈ পূর্বতে কৰি অহা খলপবোৰৰ সমাধান সূত্রৰ বাবে কাম কৰিব লগা হ’ব পাৰে।

এনে শিথিলতাবোৰৰ কিছু উদাহৰণঃ

  • সমস্যা চিনাক্তকৰণৰ পৰা সমাধানলৈকে প্রতিটো খোজতে সংগ্রহ কৰা খা-খবৰ সমূহত শিথিলতা থাকিব পাৰে।
  • নতুনকৈ পোৱা তথ্যসমূহে সমস্যাটোৰ ওপৰত পুনৰ বিচাৰ-বিবেচনা কৰিবলৈ হেঁচা দিব পাৰে।
  • বিকল্প উপায় সমূহৰ পৰা কাম নোহোৱাত নতুন ধৰণে ভবা-চিন্তা কৰিব লগা হ’ব পাৰে।
  • সমধানৰ দিশত আগবাঢ়োতে দিয়া কিছুমান খোজ একেলগে হ’ব পাৰে নতুবা চমু হ’ব পাৰে।
 

সমস্যাৰ ব্যাখ্যাকৰণ

লক্ষ্যপথত তোমাক কিহে বাধা দিয়ে?
প্রকৃত সমস্যাটো স্পষ্ট নোহোৱাৰ বাবে তুমি হয়তো সমস্যাটো বহল পৰিসৰত দাঙি ধৰিব লগা হ’ব পাৰে। .

  • সমস্যাটো ব্যাখ্যা কৰাৰ বাবে তোমাৰ হাতত পর্যাপ্ত তথ্য নাই।
  • সমস্যাটোৰ আঁৰত লুকাই থকা লক্ষণবোৰ চিনি উলিওৱাৰ ক্ষেত্রত বিমোৰত পৰিছা।

এনে স্থলত সমস্যাটোৰ বিবৰণ এটা প্রস্তুত কৰা আৰু তুমি ভৰসা কৰিব পৰা কোনো এজনক সেইটো পুনর্নিৰীক্ষণ কৰিবলৈ দিয়া। সেই বিষয়ে তেওঁৰ লগত কথা পতা। যদি সমস্যাটো চাকৰি সংক্রান্তীয় হয় তেতিয়াহ’লে তোমাৰ কামৰ তত্ত্বাবধায়ক, সঠিক কমিটী বা তেনে উপযুক্ত কাৰোবাৰ লগত আলোচনা কৰা।

তলৰ প্রশ্নবোৰ বিচাৰলৈ আনিবা

  • সমস্যাটো কি?
  • এইটো মোৰ সমস্যা হয়নে?
  • সমস্যাটো মই সমাধান কৰিব পাৰিমনে? সমাধানযোগ্য হ’বনে?
  • এইটো প্রকৃত সমস্যানে , ডাঙৰ সমস্যা এটাৰ সামান্য অংশ মাত্র?
  • যদি এইটো পুৰণী সমস্যা, তেতিয়া হ’লে আগৰ সমাধানত কি ভুল হ’ল?
  • সমস্যাটোৰ সমাধান তাৎক্ষণিকভাবে কৰাটো প্রয়োজন নে লাহে ধীৰে কৰিলেও হ’ব?
  • সমস্যাটো নিজে নিজে আঁতৰ হ’ব বুলি ভাবিব পাৰিনে?
  • আওহেলা কৰিলে বিপদ চপাই লোৱা হ’ব নেকি?
  • সমস্যাটোত নীতি সম্বন্ধীয় কিবা বিষয় জড়িত নেকি?
  • সন্তোষজনক সমাধানৰ বাবে কি কি বা কেনেকুৱা নিয়ম প্রযোজ্য হ’ব লাগিব?
  • সমস্যা সমাধান কৰিবলৈ যাওঁতে অপৰিবর্তনীয় হৈ থাকিব লগা কিবা অবস্থা বা বিষয়ৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি কৰিব নেকি?

খা-খবৰ সংগ্রহঃ

অংশীদাৰ

সমস্যা আৰু সমাধান যিকোনো এটাৰ লগত কোনো প্রকাৰে জড়িত ব্যক্তি, সমষ্টি, সংগঠন আদি অংশীদার হ’ব পাৰে। আৰম্ভ হ’ব কিন্তু তোমাৰ নিজৰ পৰাই। এই বিষয়ত সিদ্ধান্ত গ্রহণ কৰোঁতা আৰু সমস্যাৰ নিকটস্থসকলক চিনাক্ত কৰাটো অত্যন্ত জৰুৰী।

প্রামাণিক তথ্য-পাতি

  • গৱেষণা
  • পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়নৰ পৰা হোৱা ফলাফল।
  • বিশেষজ্ঞ আৰু নির্ভৰযোগ্য উৎসৰ লগত হোৱা সাক্ষাৎ।
  • অতীতৰ বা বর্তমানৰ ঘটনাক্রমৰ ব্যক্তিগতভাবে কৰা নিৰীক্ষণ বা আনৰ পৰা সংগ্রহ কৰা বিৱৰণ, সম্বাদ।

পৰিসীমা

সমস্যাকেন্দ্রিক অৱস্থাৰ পৰিসীমা বা বাধ্যবাধকতাক পৰিবর্তন কৰাটো জটিল। ইয়াৰ মাজত পুঁজি সম্বন্ধীয় বা আন সম্পদৰ অভাৱ-অভিযোগৰ কথাও সোমাব। যদি সমস্যা সমাধানৰ ক্ষেত্রত বিভিন্ন বাধ্য-বাধকতা বা সীমাবদ্ধতা থাকে তেনেহ’লে সেইবোৰ আকৌ নিজেই একোটা সমস্যাৰূপে পৰিগণিত হ’ব পাৰে।

মতামত আৰু ধাৰণা

তোমাৰ কৃতকার্যতাৰ বাবে সিদ্ধান্ত গ্রহণকাৰীসকল, তাৰ লগত সহযোগী কমিটি , দল বা আন শক্তিশালী গোটৰ মতামত যথেষ্ট গুরুত্বপূর্ণ। মতামতৰ ক্ষেত্রত সত্য, পক্ষপাত বা যুক্তিহীন ধাৰনাকো বিবেচনাৰ আওতালৈ অনাটো প্রয়োজন।

সকলো ধৰণৰ তথ্য-পাতি সংগ্রহ নোহোৱালৈকে অনুভৱ বা ধাৰণাই সমস্যাটোক লাৰি-চাৰি চোৱাত সহায় কৰে, যিহেতু কিছুমান কথা বিশ্বাসৰ বাবেও গ্রহণ কৰা হয়। অৱশ্যে এনে অনুভৱ বা ধাৰণাৰ ক্ষতিকৰ দিশ এটাও আছে। গতিকে সমস্যাটোক সমাধানৰ দিশলৈ আগুৱাই নিয়াৰ ক্ষেত্রত সেইবোৰৰ উপযুক্ততা নেদেখিলে লগে লগেই বাদ দিব লাগে।


প্রকল্প পৰিকল্পনা / শ্রেণীকোঠাৰ প্রকল্প পৰিচালনা

সমস্যাৰ ব্যাখ্যাকৰণ; খা-খবৰ সংগ্রহ |
পদক্ষেপ ৩। বিকল্পৰ বর্দ্ধিতকৰণ; বিকল্পৰ ওজন নির্ণয়; সর্বোত্তম বিকল্প নির্বাচন কৰা | সিদ্ধান্ত ৰূপায়নৰ বাবে এটা পৰিকল্পনা কৰা।; অগ্রগতি পর্যবেক্ষণ; পর্যালোচনা কৰা/অভিজ্ঞতাৰ পৰা শিকা

সময়ৰ ব্যৱস্থাপনা |
কামকাজৰ পৰিকল্পনাৰ জড়িয়তে মানসিক চাপৰ ব্যৱস্থাপন  |
 কৰিব লগা কামৰ তালিকা প্রস্তুত কৰণ |
এলাহ বা হেমাহিৰ পৰা আঁতৰি থাকক | আত্মানুশাসনৰ উত্তৰণ |
সমস্যাৰ ব্যাখ্যাকৰণ; খা-খবৰ সংগ্রহ | খণ্ড ১ ঃ আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন

প্রজ্ঞান, তিনিচুকীয়া মহাবিদ্যালয়
To read Assamese text, please
download the Avro Keyboard
or the font SolaimanLipi