* index * search * visitor center *

সময়ৰ ব্যৱস্থাপনা 

সময়ে সত্যক আবিষ্কাৰ কৰে
এনিয়াচ লুচিয়াচ চেনেকা
( খ্রিষ্টপূর্ব ৪-খৃষ্টাব্দ ৬৫)

প্রজ্ঞান,
তিনিচুকীয়া
মহাবিদ্যালয়

To read Assamese text, please
download the Avro Keyboard
or the font
SolaimanLipi

সময়ৰ ব্যৱস্থাপনৰ কৌশলসমূহৰ বিকাশ এটা যাত্রা। এই যাত্রা আমাৰ নির্দেশিকাৰ সৈতে আৰম্ভ হ’ব পাৰে । কিন্তু যাত্রাপথত আৱশ্যক হ’ব অনুশীলন আৰু আন কিছু পথ নির্দেশিকাৰ । এই আলোচনাৰ এটা লক্ষ্য হ’ল—কেনেকৈ সময়ৰ ব্যৱহাৰ কৰিব লাগে সেই সম্পর্কে আপোনাক আত্মসচেতন হ’বলৈ সহায় কৰা । আপোনাৰ বন্ধুবান্ধৱ, পৰিয়াল আৰু কামকাজৰ পৰিপ্রেক্ষিতত এই লক্ষ্যই আপোনাৰ অধ্যয়নক সংহত, অগ্রাধিকাৰ প্রদান আৰু কৃতকার্য কৰি তুলিবৰ বাবে এটা সহায়ক হিচাপে কাম কৰে।

প্রথমতে ঃ আপুনি আমাৰ সময় ব্যৱস্থাপনা বিষয়ক অনুশীলনীটো দি আৰম্ভ কৰক। প্রতিদিনে আপুনি আপোনাৰ সময় কেনেকৈ খৰচ কৰে? Time management

সময় ব্যৱহাৰৰ ৰণকৌশলঃ

  • স্কুল নাইবা কলেজৰ শিক্ষাকাল/চিমেষ্টাৰ সূচী অনুসৰি অধ্যয়নৰ সময় খণ্ডক বিকাশ ঘটাওক নাইবা আঁচনি প্রস্তুত কৰক। প্রায় ৫০ মিনিট হলে হবনে? ধর্য্যচ্যুতি ঘটিবলৈ বা অস্থিৰ বলৈ আপোনাক কিমান সময় লাগে বাৰু ? কিছুমান শিকাৰুৰ বিভিন্ন কাৰণত সঘন বিৰতিৰ আৱশ্যক হব পাৰে। আপুনি যে সময়ত অতি সৃজনশীল, তেনে সময়তে সময় খণ্ডবোৰ সুদৃঢ় কৰক, পুৱাৰ চৰাই নাইবা নিশাৰ ফেঁচাৰ দৰে।

  • সাপ্তাহিক পুনৰীক্ষণ নাইবা নবীকৰণ সূচীঃ দেওবাৰ ৰাতিৰ সময়খিনি আপোনাৰ কেলেণ্ডাৰখন পুণৰীক্ষণৰ কাৰণে অতি উৎকৃষ্ট সময় হ’ব পাৰে। মনত ৰাখিব, সময়ৰ শেষ সীমা তথা পৰীক্ষা কাষ চাপি আহিলে আপোনাৰ সাপ্তাহিক কেলেণ্ডাৰখনো তেনেকৈ গঢ়ি তুলিব লাগিব
  • নির্দিষ্ট কামৰ অগ্রাধিকাৰঃ
    অধ্যয়ন কৰি থাকোতে আটাইতকৈ কঠিন বিষয়টো নাইবা কামটোৰে আৰম্ভ কৰাৰ অভ্যাস কৰক। বেছি কঠিন পাঠ্যক্রমৰ কাৰণে আপোনাৰ কৃতকার্য্যতাৰ পথটো নমনীয় কৰি লওক। যেতিয়া আপুনি কৰণীয় কামৰ (assignment) ওপৰত পৰামর্শ পাব, তেতিয়া সময়ৰ আগতেই ‘প্রতিক্রিয়া সময়’ গঢ় দি লওক। তাৰমানে আপুনি এই ‘প্রতিক্রিয়া সময়ত’ পৰামর্শবোৰ কামত ল’গাব নাইবা কেনেকৈ কামত লগাব সেইয়া থুল-মুলকৈ লিখি থওক।
  • প্রথম ঢাপত উপনীত হওক—কিবা এটা সম্পন্ন কৰক
    আপোনাক দিয়া কামৰ (Assignment) ৰূপৰেখা সম্পূর্ণ বিকশিত নোহোৱালৈকে বিস্তৃতভাৱে কামটো আৰম্ভ নকৰিব। ‘উৎকৃষ্টতা ভালৰ শত্রু’—বিশেষকৈ এই কথাষাৰ এটা এছাইন্টমেন্টৰ আৰম্ভণীৰ ক্ষেত্রত সঁচা । নিজৰ ধাৰণাবোৰৰ এটা খচৰা প্রস্তুত কৰি লৈ তাৰ পৰা আগুৰাই যাওক।
  • স্কুল নাইবা কলেজৰ কাম শেষ নোহোৱা পর্যন্ত যিবোৰ কাম বা সময়সূচী পাচলৈ থব পাৰি, সেই বোৰ পিচুৱাই দিওক।
    অগ্রাধিকাৰ অংশ হিচাপে অনা –অত্যাবশ্যকীয় কামবোৰ আঁতৰাওক, আনক অর্পণ কৰক নাইবা পলম কৰক । পৰীক্ষাৰ কাৰণে পুনঃপঠন এখন খেল উপভোগ কৰাতকৈ বেছি গুৰুত্বপূর্ণ হ’ব পাৰে। তদুপৰী পৰীক্ষাৰ হেঁচাৰ পৰা মুক্ত হৈ পিচত খেলা খেল এখন নিশ্চয় বেছি উপভোগ্য হ’ব।
  • মনোযোগ বঢ়াবৰ বাবে য’ত কোনো বিঘ্ন নাথাকে তেনে বিকল্প স্থানত গৈ অধ্যয়ন কৰক ।
  • আপোনাৰ ‘আজৰি’ সময়ৰ সদ্ব্যৱহাৰ কৰকঃ
    আপুনি সেই সময়বোৰৰ কথা চিন্তা কৰি উলিয়াওক যেতিয়া আপুনি অলপ হ’লেও অধ্যয়ন কৰিব পাৰে । যেনে আপুনি যেতিয়া খোজ কাঢ়ি থাকে নাইবা বাছেৰে গৈ থাকে তেতিয়া অধ্যয়ন কৰাৰ উপায় উলিয়াওক।
  • শ্রেণীলৈ যোৱাৰ আগমুহূর্তত টোকা পাঠসমূহৰ ওপৰত চকু ফূৰাওক ।
  • শ্রেণী শেষ হোৱাৰ লগে লগেই বক্তৃতা সমলবোৰ ( Lecture Material) পুনৰীক্ষণ কৰক।
    ( পুনৰীক্ষণ অবিহনে কথাবোৰ ২৪ ঘন্টাৰ ভিতৰতেই পাহৰি যোৱাৰ সম্ভাৱনা আতাইতকৈ বেছি)

এই সম্পর্কে নিনেছ’টা বিশ্ববিদ্যালয়ৰ এছাইনমেন্ট গণনা যন্ত্র ব্যৱহাৰ কৰি চাওক

আপোনাৰ বিদ্যায়তনিক আৰু বিদ্যায়তনিক আৱশ্যক সমূহ পূৰাব পৰাকৈ আপোনাৰ সময়সূচী সঠিক কৰিবলৈ উপায় উদ্ভাৱন কৰক।

ফলদায়ক সহায়সমূহ ঃ

  • এখন ‘কৰণীয় তালিকা’ (To Do List) প্রস্তুত কৰক
    এই সূচীখনে আপোনাক কেইটিমান বিষয় চিনাক্ত কৰা , সেই কেইটা কৰাৰ যুক্তি-যুক্ততা, সিহঁতক সম্পন্ন কৰাৰ বাবে এটা সময়ৰেখা বান্ধি লোৱাত সহায় কৰিব।  এতিয়া ইয়াক ছপা কৰি সোঁৱৰাই দিবৰ কাৰণে চকুত পৰাকৈ ওলোমাই ৰখাৰ  ব্যৱস্থা কৰক।
  • দৈনিক/সাপ্তাহিক আঁচনিঃ
    এখন কালানুক্রমিক খতিয়ান বহীত বা তালিকা চিত্রত আগতীয়া লগ পোৱাৰ প্রতিশ্রুতি ( Appointments) , শ্রেণীসমূহৰ সময় আৰু সভা সমিতি আদি কথা লিখি ৰাখক। ৰাতিপুৱাৰ প্রথম কামটো হ’ব –দিনটোৰ বাবে নির্দ্ধাৰিত কামবোৰত চকু ফুৰাই লোৱা। আপুনি যে কালিলৈৰ কাৰণে সম্পূর্ণ প্রস্তুত সেইটো জানিহে বিচনালৈ যাওক।
  • দীর্ঘম্যাদী আঁচনিঃ
    এখন মাহেকীয়া তালিকা চিত্র প্রস্তুত কৰক যাতে আপুনি আগতীয়াকৈ আঁচনি প্রস্তুত কৰিব পাৰে । দীর্ঘম্যাদী আঁচনিয়ে আপোনাৰ আগতীয়াকৈ সময় গঠনমূলকভাৱে নিৰূপন কৰিবলৈ স্মাৰক হিচাপে কাম কৰিব।

Translation by Rana Kumar Changmai, Editor-in-Chief, Pragayan, Tinsukia College :
ৱেব চাইট সম্পর্কে দুআষাৰঃ জো লেণ্ডচবার্জাৰে ১৯৯৬ চনৰ পৰা এই স্টাডি গাইডস্ এণ্ড স্টেটেজি ৱেব চাইটখন তৈয়াৰ কৰিছে । ইয়াৰ ওপৰত গৱেষণা কৰিছে আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰিআছে । শিকাৰুসকলৰ সহায় কৰাৰ বাবে যিকোনো আবাণিজ্যিক উদ্যোগ যদি এই ৱেবচাইটৰ বিষয়বস্তু গ্রহণ, বিতৰণ, পূণর্মূদ্রণ ইত্যাদি কৰিব বিচাৰে তাৰ বাবে অনুমতি দিয়া । কেৱল এই কথাত  সতর্ক থাকিব লাগে যে এই ৱেবচাইটৰ বিষয়বস্তুৰ নিয়মীয়া আৰু নৱীকৰণ কৰা হৈ থাকে । এই বিষয়ে আমি আমাৰ চাইট দর্শক সকলকো স্বাগত জনাও । সেয়েহে যদি কোনো অংশ ইন্টাৰনেটতে পুনৰুপস্থাপনৰ দৰকাৰ হয়, সেই ক্ষেত্রত আমাৰ লগত লাইছেন্স চুক্তি পত্র কৰি লোৱা ভাল । আপোনাৰ চাইটতে আমাৰ সংযোগ উপস্থাপনৰ বাবে কোনো অনুমতি নে লাগে ।